মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

গ্ৰাম্য পানী যোগান

গ্ৰাম্য পানী যোগান

জনস্বাস্থ্য কাৰিকৰী বিভাগেটা ১৯৫৬ চনত সৃষ্টি কৰা হয়। অসমৰ গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগান আৰু অনাময়ৰ দায়িত্ব এই বিভাগটোক অৰ্পণ কৰা হৈছিল।

জনস্বাস্থ্য কাৰিকৰী বিভাগে অসমৰ গ্ৰাম্যাঞ্চলসমূহত ওপৰত উল্লেখিত কামসমূহ এনেদৰে কৰি আছে-

  • দুখন অগ্ৰগামী আঁচনিৰ কাম কৰি আছে, যেনে-

    (ক) ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচী আৰু
    (খ) স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন)

  • বিভিন্ন ধৰনৰ ৰাজ্যিক চৰকাৰৰ আঁচনি যেনে,অনুসূচীত জাতি উপ-আঁচনি,জনজাতীয় উপ-আঁচনি,বিশেষ আঁচনি সাহা্য্য
  • বাহিৰৰ সাহায্য আঁচনি, যেনে- বিশ্ব বেঙ্কৰ সাহায্য প্ৰকল্প

নিৰাপদ পানীৰ লক্ষণসমূহ -

  • যিখিনি পৰিমাণৰ জীৱানুৱে মানুহৰ শৰীৰত বিপদৰ সৃষ্টি কৰিব পাৰে সেই পৰিমাণৰ জীৱানুৰ পৰা মানুহৰ খোৱা পানীখিনি মুক্ত হব লাগে।
  • জীৱন কালত বহুদিন ধৰি ব্যৱহাৰ কৰা নিৰাপদ পানীত বিপজ্জনক ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকিব নালাগে যিটোৰ পৰা শৰীৰ আৰু আৰ্থিকত ক্ষতি হব পাৰে।
  • নিৰাপদ পানী খিনি সুদৃশ্য আকৰ্ষণীয়- চাফা, ৰংহীন আৰু সুস্বাদু লগতে পাৰিপাৰ্শ্বিকৰ লগত একে তাপমাত্ৰাৰ হব লাগে।
  • নিৰাপদ পানীখিনি সামাজিকভাবে গ্ৰহণযোগ্য হব লাগে।

খণ্ড মানে কি?

খণ্ড হৈছে প্ৰশাসনিক অস্তিত্বৰ কাৰ্য্যালয়। জিলাখনৰ কোনো এটা খণ্ডৰ এটা এলেকাই হৈছে ব্লক। এখন জিলাত এটাতকৈ বেছি ব্লক থাকে।

গাওঁ পঞ্চায়ত মানে কি?

ভাৰতৰ গাওঁ পঞ্চায়ত সমূহ হৈছে স্ব-শাসিত চৰকাৰ। পঞ্চায়তী ব্যৱস্থাৰ মূল ভেটিয়েই হৈছে গাওঁ পঞ্চায়ত। কমেও ৩০০ জন জনসংখ্যা থকা গাঁৱত গাওঁ পঞ্চায়ত প্ৰতিষ্ঠা কৰিব পাৰি। যেতিয়া কোনো এখন গাওঁত ৩০০ জনতকৈ কম জনসংখ্যা থাকে তেতিয়া দুখন বা বেছি গাওঁ একেলগ কৰি দলীয় গাওঁ পঞ্চায়ত প্ৰতিষ্ঠা কৰা যায়।

গাঁও মানে কি?

এদল মানুহ আৰু এটা জনসমষ্টিয়ে বসবাস কৰা ঠাইখিনিয়ে হৈছে গাঁও, কেইশমান মানুহৰ পৰা কেইহাজাৰমান মানুহলৈ (কেতিয়াবা হাজাৰ হাজাৰ) মানুহ বসবাস কৰা ঠাইখনেই হৈছে গাঁও। বুৰঞ্জীমূলক দিশত ভাৰতবৰ্ষত কৃষিকৰ্ম বা জীৱিকাৰ বাবে একেলগে থকা সমাজৰ এটা জনগোষ্ঠীয়েই হৈছে গাঁও।

বসবাস মানে কি?

এখন গাঁৱত ওচৰা-ওচৰিকৈ থকা কিছুমান মানুহক বুজাবলৈয়ে এই সংজ্ঞাটো ব্যৱহাৰ কৰা হয়। পৰিসংখ্যাৰ দিশৰ পৰা চালে ই এবিধ বা বহুবিধৰ সংমিশ্ৰণ হব পাৰে। এখন গাঁৱত এনেকুৱা চুবুৰী এটাতকৈ বেছি থাকিব পাৰে কিন্তু ইয়াৰ বিপ্ৰতীপটো নহয়।

বসবাসৰ জোখৰ মান মানে কি?

  • সম্পূৰ্ণকৈ আৱৰা বাসস্থান(FC)- যিবিলাক বাসস্থানত গড় হিচাপে খোৱাপানীৰ আৱৰা বাসস্থান বুলি কয়।
  • আংশিকভাৱে আৱৰা বাসস্থান– আংশিকভাৱে আৱৰা যিবিলাক বাসস্থানত গড় হিচাপে ৪০ এল.পি.চি.ডি.তকৈ কম আৰু ১০ এল.পি.চি.ডি.তকৈ বেছি খোৱাপানী যোগান ধৰা যায় তাক আংশিকভাৱে আৱৰা বাসস্থান বুলি কোৱা হয়।
  • অনাবৃত বাসস্থান– যিবিলাক বাসস্থানত ১০ এল.পি.চি.ডি.তকৈ কম খোৱাপানী যোগান ধৰা হয়, তেনে বাসস্থানক অনাবৃত বাসস্থান বোলে।
  • আবৃতবিহীন বাসস্থান– এনে কিছুমান ঠাই আছে যিবিলাক ঠাইত চৰকাৰৰৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচী আঁচনিৰ(নাইবা পূৰ্বৰ দ্ৰুততৰ গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচী আঁচনি) অধীনত কোনো দিনেই খোৱাপানীৰ ব্যৱস্থা প্ৰদান কৰা হোৱা নাই।

গুণমানত অঘটন হোৱা বাসস্থান– এই বাসস্থানবিলাক এনেকুৱা যে ইয়াৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাবিলাক পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছত ইয়াত পোৱা ৰাসায়নিক অশুদ্ধিবিলাকে (আৰ্চেনিক, ফ্লোৰাইড, আইৰণ, নাইট্ৰেট আৰু লুণীয়া গুণতে সীমাবদ্ধ) ভাৰতীয় মানক সংস্থাই নিৰ্দ্ধাৰণ কৰা সীমাতকৈ বেছি ওপৰত আছে। এনেকুৱা ধৰণৰ বাসস্থানৰ মানৰ জোখৰ নিৰীক্ষণ ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচীৰ অধীনত বিশেষভাৱে কৰা যায়।

ৰাসায়নিকঅনুমোদিত সীমা
আৰ্চেনিক০.০১ পিপিএম
ফ্লৰাইড১.৫ পিপিএম
আইৰণ১ পিপিএম
নাইট্ৰেট৪৫ পিপিএম

অনুসূচিত জাতি অধ্যুষিত বাসস্থান– অনুসূচিত জাতি অধ্যুষিত বাসস্থান হৈছে এনেকুৱা ঠাই যত মুঠ জনসংখ্যাৰ ৪০ শতাংশ বা ততোধিক অনুসূচিত জাতিৰ লোক বাস কৰে।

অনুসূচিত জনজাতি অধ্যুষিত বাসস্থান- অনুসূচিত জনজাতি অধ্যুষিত বাসস্থান হৈছে এনেকুৱা ঠাই যত মুঠ জনসংখ্যাৰ ৪০ শতাংশ বা ততোধিক অনুসূচিত জনজাতিৰ লোক বাস কৰে।

খোৱাপানী আৰু অনাময় মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচীৰ কাৰ্যকৰীকৰণ নিৰীক্ষণ কৰাৰ অৰ্থে এই সংজ্ঞাটো গ্ৰহণ কৰিছে।

বিত্তীয় বৰ্ষ মানে কি?

কোনো এটা বছৰৰ ১ এপ্ৰিলৰ পৰা পিছৰ বছৰৰ ৩১ মাৰ্চলৈকে সময়চোৱাক এটা বিত্তীয় বছৰ বোলে। যেনে- ১-৪-২০১৬ৰ পৰা ৩১-০৩-২০১৭ তাৰিখলৈ ২০১৬-১৭ বিত্তীয় বৰ্ষ।

পাইপেৰে পানী যোগান আঁচনি মানে কি?

এনেকুৱা ধৰণৰ পানী যোগান আঁচনিয়ে পানীৰ উত্সৰ পৰা দূৰত থকা পানী যোগাবলগীয়া ঠাইলৈ পাম্প নাইবা গ্ৰেভিটি পদ্ধতিৰে পাইপৰ সংযোগেদি পানী যোগান ধৰে।

স্থানীয় উত্স কি?

যিবিলাক পানী যোগান পদ্ধতিত পানীৰ উত্স আৰু যোগান ধৰিবলগীয়া দুয়োখিনি ঠাইৰ উত্স একে ঠাইতে অৱস্থিত তাকে স্থানীয় উত্স বুলি কয়। যেনে- হেণ্ড পাম্প, কুঁৱা, পুখুৰী আদি।

ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী যোগান আঁচনি –

এই আঁচনিখন ২০০৯ চনৰ এপ্ৰিল মাহত সেই সময়ৰ খোৱাপানী আৰু অনাময় বিভাগ আৰু বৰ্তমানৰ খোৱাপানী আৰু অনাময় মন্ত্ৰ্যালয়ে ভাৰতৰ গ্ৰামাঞ্চলৰ বাসিন্দাখিনিলৈ খোৱাপানী যোগানৰ বাবে ৰাজ্যসমূহক সহায় কৰিবলৈ এই আঁচনিখন প্ৰৱৰ্তন কৰে। এই আঁচনিখন গ্ৰামাঞ্চলৰ জনসাধাৰণে প্ৰস্তুত আৰু পৰিচালনা কৰা যাতে বহনক্ষম খোৱাপানী পৰ্যাপ্ত পৰিমাণৰ হয়, সুবিধাজনকভাৱে বিতৰণ কৰিব পাৰি আৰু ঘৰে ঘৰে পানীৰ বাবে সুৰক্ষা পোৱা যায়।

ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচী (এপ্ৰিল,২০০৯ত নতুনকৈ নামাকৰণ কৰা)ৰ প্ৰধান আহিলাসমূহ –

  • আঁচনিৰ কৰ্মসমূহ
  • সহায়ক কৰ্মসমূহ
  • পানীৰ গুণাগুণ নিৰীক্ষণ

ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী যোগান কাৰ্য্যসূচীআঁচনিৰ কৰ্মসমূহ এনেকৈ ভাগ ভাগ কৰিব পাৰি-

  • আংশিক জনবসতিপূৰ্ণ, পিছলি অহা জনবসতি, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ আৱৰি লোৱা
  • গুণমানত অঘটন হোৱা অঞ্চল আৱৰি লোৱা
  • অভিযান আৰু প্ৰতিপালন
  • বহনক্ষম সঁজুলি

ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী যোগান কাৰ্য্যসূচীৰ অধীনত পানী যোগানৰ নীতিসমূহ

  • পানীৰ গুণমান নিয়ন্ত্ৰণ হব:IS:10500 (২য় সংস্কৰণ)
  • ২০১৭ চনলৈ অন্তৰ্বৰ্ত্তী হিচাপত ৫৫ এল.পি.চি.ডি. পানী যোগান ধৰিব পৰা হব আৰু উপভোক্তাই পানী আনিবলৈ ১০০ মিটাৰতকৈ বেছি দূৰ যাব নালাগিব।
  • ২০২২ চনলৈ ৭০ এল.পি.চি.ডি. পানী যোগান ধৰিব পৰা হব আৰু উপভোক্তাই পানী আনিবলৈ ১০০ মিটাৰতকৈ বেছি দূৰ যাব নালাগিব।
  • ২০২২ চনৰ পাছত ১০০ এল.পি.চি.ডি. পানী যোগান ধৰিব পৰা হব আৰু উপভোক্তাই পানী আনিবলৈ ১০০ মিটাৰতকৈ বেছি দূৰ যাব নালাগিব।

পানীৰ উত্স যোগানৰ নীতি-নিয়মসমূহ –

  • ১১০জন মানুহৰ বাবে ১টা প্ৰচলিত হস্তচালিত নলীনাদৰ ব্যৱস্থা সম্পূৰ্ণ বাসিন্দাখিনিৰ বাবে কৰা যাব যাতে মানুহখিনিয়ে ৫৫ এল.পি.চি.ডি পানী পায়।
  • ১৮০জন মানুহৰ বাবে ১টা প্ৰচলিত হস্তচালিত তাৰা পাম্পৰ ব্যৱস্থা সম্পূৰ্ণ বাসিন্দাখিনিৰ বাবে কৰা যাব যাতে মানুহখিনিয়ে ৫৫ এল.পি.চি.ডি পানী পায়।
  • ১৮০জন মানুহৰ বাবে ১টা আৰ.চি.চি. কুঁৱাৰ ব্যৱস্থা সম্পূৰ্ণ বাসিন্দাখিনিৰ বাবে কৰা যাব যাতে মানুহখিনিয়ে ৫৫ এল.পি.চি.ডি পানী পায়।
  • ১৮০জন মানুহৰ বাবে ১টা M-III হস্তচালিত নলীনাদৰ ব্যৱস্থা সম্পূৰ্ণ বাসিন্দাখিনিৰ বাবে কৰা যাব যাতে মানুহখিনিয়ে ৫৫ এল.পি.চি.ডি পানী পায়।