মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

সাংসদ আদৰ্শ গ্ৰাম যোজনা

সাংসদ আদৰ্শ গ্ৰাম যোজনা হৈছে এক গ্ৰাম্য উন্নয়ন আঁচনি যিখন আঁচনিয়ে গ্ৰামাঞ্চলৰ সামাজিক উন্নয়ন, সাংস্কৃতিক উন্নয় আৰু গ্ৰামাঞ্চলৰ বাসিন্দাখিনিক সামাজিক সংগঠনৰ বাবে সংপৃক্ত কৰা কাৰ্য্যত মনোনিবেশ কৰিছে। এই আঁচনিৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ২০১৪ চনৰ ১১ অক্টোবৰ তাৰিখে উদ্বোধন কৰে।

এই যোজনাখনৰ স্পষ্ট আকৃতি হৈছে এনে ধৰণৰ যে যোজনাৰ আঁচনিসমূহ (ক) দাবী সম্বলিত, (খ) সমাজৰ দ্বাৰা উদ্বুদ্ধ আৰু (গ) জনগণৰ সহযোগিতা ভিত্তিক।

প্ৰধান লক্ষ্যসমূহ –

১. বৰ্তমানৰ প্ৰচলিত থকা, আঁচনিসমূহ কাৰ্যকৰীকৰণৰ যোগে মডেল ভিলেজ বা আদৰ্শ গাঁৱৰ উন্নতি সাধন কৰা আৰু স্থানীয় প্ৰসঙ্গৰ প্ৰতি লক্ষ্য ৰাখি কিবা কিবি আন আন আঁচনিও তাৰে লগত যোগ দিয়া, যিটো প্ৰতিখন গাঁৱৰ বাবে বেলেগ বেলেগ হব পাৰে।

২. স্থানীয় উন্নয়নৰ এক আৰ্হি সৃষ্টি কৰিব পাৰে, যিটো আৰ্হি আন আন গাঁওসমূহেও গ্ৰহণ কৰিব পাৰে।

মাননীয় সাংসদ ডাঙৰীয়াই গ্ৰহণ কৰাৰ গ্ৰামাঞ্চলৰ বাবে এচ.এ.জি..ওৱাই. আঁচনি, যিখন কাৰ্যকৰীকৰণৰ বাবে খোৱাপানী আৰু অনাময় মন্ত্ৰ্যালয়ে উচ্চতম প্ৰাধান্য দিছে, সেই আঁচনিখন কাৰ্যকৰীকৰণত অংশীদাৰ হৈ দায়িত্ব সম্পাদন কৰিব পাৰে।

অসম ৰাজ্যত ১৪খন লোকসভা এইচ.পি.চি. আৰু ৭খন ৰাজ্যসভা এইচ.পি.চি. আছে।

২৮/১/২০১৬ তাৰিখে অনুষ্ঠিত SLSSCৰ সভাত ২১টা প্ৰকল্পৰ অনুমোদন দিয়া হৈছিল আৰু সেইবিলাক প্ৰশাসনিক অনুমোদন দিয়া হৈছিল আৰু সেইবিলাক প্ৰশাসনিক অনুমোদনৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল। এই সকলোবিলাক প্ৰকল্প ভাৰত চৰকাৰে যোগাযোগ কৰা মতে এচ.এ.জি..ওৱাই.ৰ নিৰ্দেশনা সাৰোগত কৰি প্ৰস্তুত কৰা হৈছে।