মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

দুৰ্যোগ ব্যৱস্থাপনা

জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰী/জিলা প্ৰশাসনৰ লগত একেলগে জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসমেও কাম কৰি আছে। জিলা প্ৰশাসনৰ নিৰ্দেশ আৰু প্ৰয়োজন অনুসৰি বিভাগটোৱে জৰুৰীকালীনভাৱে খোৱাপানী আৰু অনাময়ৰ ব্যৱস্থা কৰে।

সকলো ধৰণৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে অসম দুৰ্যোগ ব্যৱস্থাপনা সংক্ষিপ্ত পুথি, ২০১৫ খন হৈছে এখন হাতপুথি। ২০১১ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত কৰা আদৰ্শ সঞ্চালন প্ৰক্ৰিয়াৰ নিৰ্দেশনাৱলীও এই বিভাগটোৱে অনুকৰণ কৰে।

আদৰ্শ সঞ্চালন প্ৰক্ৰিয়াত থকা ব্যৱস্থা মতে বিভাগটোৱে ইতিমধ্যে বিভিন্ন স্তৰত সংযোগী বিষয়া ঘোষণা কৰিছে। এই বিভাগটোৱে ইতিমদ্যে বানাক্ৰান্ত লোক আৰু লগে লগে গোষ্ঠীগত সংঘৰ্ষ আৰু পানীৰে সংক্ৰমণ হোৱা বেমাৰবিলাকত ভুক্তভোগী মানুহক সহায় কৰা কামত অভিজ্ঞতা লাভ কৰিছে।

দুৰ্বল অঞ্চলৰ মানুহৰ মাজত দুৰ্যোগৰ পৰা সকাহ পোৱা ব্যৱস্থা আৰু সজাগতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

বিভাগৰ উন্নীতকৰণ কাৰ্যৰ এটা অবিচ্ছেদ্য অংগ হৈছে দুৰ্যোগৰ বাবে প্ৰস্তুত থকাটো। পানী যোগানৰ সমস্ত আঁচনি ভাৰতীয় মানক সন্থাৰ প্ৰয়োজনীয় সংজ্ঞা মতে কৰা হৈছে। কিছুমান উপান্ত অঞ্চলত বিভাগটোৱে কিছুমান স্থান নিৰ্বাচন কৰিছে আৰু তাত ওখ মঞ্চ কিছুমান প্ৰতিষ্ঠা কৰিছে, যাতে বানপানীৰ সময়ত মানুহবিলাকে ব্যৱহাৰ কৰিব পাৰে। ই কিছুমান ভ্ৰাম্যমাণ পানী বিশুদ্ধকৰণ প্ৰকল্পও যোগাৰ কৰিছে আৰু সেইবিলাক প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পৰাকৈ উপান্ত অঞ্চলসমূহত প্ৰতিষ্ঠা কৰিছে। বিভাগটোৱে দুৰ্যোগৰ সময়ত আৰু আন আন স্বাভাৱিক পৰীক্ষাগাৰৰ উপৰিও ক্ষেত্ৰীয় পৰীক্ষা সম্পন্ন কৰিব পৰাকৈ সঁজুলিবিলাক আহৰণ কৰিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে আনকি বানপানীৰ পানীও বিশুদ্ধ কৰিব পৰাকৈ জল বিশুদ্ধিকৰণৰ বাবে ৰাসায়নিক দ্ৰৱ্যৰ পেকেট উন্নীত কৰি উলিয়াইছে। এইবিলাক বৰ সস্তা আৰু নিৰ্ভৰযোগ্য।

অৱশিষ্ট ক্লৰিণ পৰক্ষাৰ সঁজুলি, ক্ষেত্ৰীয় পৰীক্ষা কিট্, ভায়েল আৰু জল শুদ্ধিকৰণ কৰা পেকেট

জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্যোগ ব্যৱস্থাপনা কৰ্মৰ বাবে প্ৰধান বিষয়া

প্ৰধান বিষয়াৰ স্তৰমনোনীত বিষয়াকাৰ্যালয়
চৰকাৰী স্তৰতসচিব, জনস্বাস্থ্য কাৰিকৰী বিভাগজনস্বাস্থ্য কাৰিকৰী.বিভাগ
সঞ্চালকালয়সচিবৰ দ্বাৰা মনোনীত অতিৰিক্ত মুখ্য অভিযন্তাজনস্বাস্থ্য কাৰিকৰী বিভাগ কাৰ্যকৰীকৰণ স্তৰ (সঞ্চালকালয়)
জিলাকাৰ্যবাহী অভিযন্তা (বহু বিভাগীয় জিলাৰ বাবে অধীক্ষকৰ অভিযন্তা)জনস্বাস্থ্য কাৰিকৰী বিভাগ/জিলাৰ চক্ৰ কাৰ্যালয়
ব্লকসহঃ কাৰ্যবাহী অভিযন্তাজনস্বাস্থ্য কাৰিকৰী বিভাগ উপ-সংমণ্ডল
এই বিষয় সংক্ৰান্তৰ সহঃ অভিযন্তা, কনিষ্ঠ অভিযন্তা, ক্ষেত্ৰীয় কাৰিকৰী কৰ্মচাৰী, পৰীক্ষাগাৰৰ কৰ্মচাৰী, পৰামৰ্শদাতাবি.আৰ.চি/চি.আৰ.চি আদি।