মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

পানী ব্যৱহাৰকাৰী কমিটী

পানী যোগান আৰু অনাময় বিভাগৰ ভূমিকাৰ সংস্কাৰ সাধন হৈছে অপাৰেচন এণ্ড মেইণ্টেনেন্স (O&M) –এই দুয়োটা বিভাগতে সৰ্বান্তঃকৰণেৰে সংযুক্ত হৈ নিজৰ কাম বুলি সমাজৰ সকলোৱে মানি লোৱা কাম, -যিহৰ বাবে এই আঁচনিখন সমাজৰ সকলোৰে বাবে বন্ধু ভাৱাপন্ন হৈ উঠে।

পানী যোগান বিভাগটো সকলোৰে বাবে গ্ৰহণযোগ্য হোৱা হেতুকে পানী যোগানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাপনাটো বিকেন্দ্ৰীকৰণ কৰি ইয়াৰ সঞ্চালন আৰু প্ৰতিপালনৰ মালিকীস্বত্ব সেই ঠাইৰ গাঁও পঞ্চায়তৰ ওপৰত ন্যস্ত কৰিবলৈ এক প্ৰস্তাৱ লোৱা হৈছে।

এই কথাটোকে পশ্চাদপটত লৈ প্ৰতিপালিত হৈ থকা সেৱাৰ খাতিৰতে গোটেই গ্ৰাম্য সমাজখনকে গ্ৰাম্য PWSSৰ অপাৰেশ্যন এণ্ড মেইণ্টেনেন্সৰ লগত সংপৃক্ত কৰিবলৈ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগে এক সংস্কাৰমূলক ভূমিকাৰ অৱতাৰণা কৰিছে। পি.ডব্লিউ.এছ.এছ.ৰ ৰাজহুৱা ব্যৱস্থাপনাৰ বাবে বহুখিনি প্ৰাথমিক স্তৰৰ কাম বহুবিলাক ঠাইত ইতিমধ্যে আৰম্ভ হৈছে এনে অহোপুৰুষাৰ্থই পি.ডব্লিউ.এছ.এছ.ক নিমজভাৱে কাম কৰাটো নিশ্চিত কৰিবলৈ ইয়াৰ দায়িত্ব আৰু স্বত্ব কৃতকাৰ্যতাৰে ৰাজহুৱা খণ্ডলৈ হস্তান্তৰ কৰা হৈছে। তদুপৰি অপাৰেশ্যন আৰু মেইণ্টেনেন্সৰ মূল্য আদায় কৰা আৰু আংশিক বা সম্পূৰ্ণকৈয়ে হওক মেৰামতিৰ দাম আদায় কৰা আদিয়ে আঁচনিখন অৰ্থনৈতিকভাৱে আৰু বহনক্ষমভাৱে কৃতকাৰ্যতাৰে কাম কৰিবলৈ আগুৱাই লৈ যায়। প্ৰতিখন ৰ বাবে পানী ব্যৱহাৰকাৰীৰ কমিটী গঠনৰ লগে লগে এই প্ৰাৰম্ভিক ভূমিকাখিনিয়ে আনুষ্ঠানিকতা লাভ কৰে।

উত্তম গ্ৰাম্য পানী যোগান পৰিচালনা পুৰস্কাৰ

পি.ডব্লিউ.এছ.এছ.ৰ অপাৰেশ্যন এণ্ড মেইণ্টেনেন্সত সমাজখনত সংপৃক্ত কৰাবলৈ বুলি চৰকাৰৰ ফালৰ পৰা কিবা এটা উদগণিমূলক বঁটা দিয়াটো প্ৰয়োজন। সেইবাবে পানী ব্যৱহাৰকাৰী কমিটীসমূহলৈ সামাজিক দায়বদ্ধতাৰ পুৰস্কাৰ হিচাপে উত্তম গ্ৰাম্য পানী যোগান পৰিচালনা পুৰস্কাৰ আগবঢ়োৱা হৈছে।

এই পুৰস্কাৰৰ মূল উদ্দেশ্যসমূহ এনেকুৱা হব পাৰে-

১. পি.ডব্লিউ.এছ.এছ.ৰ সঞ্চালন আৰু প্ৰতিপালনৰ নীতি নিৰ্দ্ধাৰণ কৰাৰ উন্নয়নত সমাজখনকো সংপৃক্ত কৰা

২. পি.ডব্লিউ.এছ.এছ.ৰ ওপৰত নিজস্ব স্বত্ব সাব্যস্তকৰণৰ ধাৰণা সৃষ্টি কৰি সামাজিক দায়বদ্ধতাৰ ভেঁটি স্থাপন কৰা।

৩. পি.ডব্লিউ.এছ.এছ. সমূহৰসঞ্চালন আৰু প্ৰতিপালনৰ বাবে চৰকাৰৰ ওপৰত খুব কমকৈ নিৰ্ভৰশীল হোৱাকৈ ৰাইজ ৰাজহুৱা (ৰাইজ-চৰকাৰ) মুখামুখি হব পৰা অৱস্থাৰ সৃষ্টি।

যোগ্যতাৰ মাপকাঠি –

১) যিবিলাক পানী ব্যৱহাৰকাৰী কমিটী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-বিধি মতে গঠন কৰা হৈছে আৰু যিবিলাকে ৩ বছৰতকৈ বেছি দিন ধৰি সেৱা আগবঢ়াই আছে, তেওঁলোকে এটা বঁটাৰ বাবে আবেদন জনাব পাৰিব।

২) পানী ব্যৱহাৰকাৰী কমিটীখনে PWSSৰ গ্ৰহণযোগ্যতা সন্মুখত ৰাখি কাৰ্যকৰীভাৱে ওচৰ চাপিব লাগিব। এই উদ্দেশ্যে বিশদ বিৱৰণ নিৰ্দ্ধাৰিত ফৰ্মত লিপিবদ্ধ কৰি দাখিল কৰিব পাৰিব।

৩) অন্ততঃ খোৱা আৰু ৰন্ধা-বঢ়াৰ উদ্দেশ্যে ৬৭ শতাংশ বিশুদ্ধ পানী জনসাধাৰণে পাব লাগিব (ঘৰুৱা সংযোগ আৰু ৰাজহুৱা বিতৰণৰ যোগেদি)।

৪) যদিও এই পুৰস্কাৰটো বাৰ্ষিক ভিত্তিতহে দিয়া হয়, তথাপি আগতে পুৰস্কাৰ পোৱা পানী ব্যৱহাৰকাৰী কমিটীবিলাক আবেদন কৰাৰ বাবে যোগ্য বুলি বিবেচিত নহব।

পুৰষ্কাৰ-

এই পুৰস্কাৰটো পানী ব্যৱহাৰকাৰী কমিটীয়ে সমাজলৈ সেৱা আগবঢ়োৱাৰ উত্কৃষ্টতাৰ চিন হিচাপে মুখ্যমন্ত্ৰীয়ে দিয়া পুৰস্কাৰ হিচাপে ধৰা হব। এই আকাংক্ষিত পুৰস্কাৰটোৰ লগত এটা স্মাৰক, এখন প্ৰশস্তি পত্ৰ আৰু ৫০,০০০ টকাৰ মাননি প্ৰতিজন বঁটা প্ৰাপকলৈ আগবঢ়োৱা হব। এই পুৰস্কাৰটোৱে কমিটীখনক উত্সাহিত কৰাৰ লগতে PWSSৰ বহনক্ষম ব্যৱস্থাৰ মাজত থকা কিছুমান জটিল ফাঁক নিৰাময় কৰাত সহায়ক হব।

পুৰস্কাৰৰ ধনৰ ব্যৱহাৰ-

পুৰস্কাৰপ্ৰাপ্ত পানী ব্যৱহাৰকাৰী কমিটীখনে পুৰস্কাৰৰ ধনখিনি তেওঁলোকৰ এলেকাৰ ভিতৰত থকা পানী যোগান াৰু অনাময়ৰ উন্নীতকৰণত ব্যৱহাৰ কৰিব। কাৰ্যকৰী কমিটীয়ে স্থিৰ কৰা মতে এই ধনখিনি নিশ্চিতভাৱে সেৱা উন্নীতকৰণত ব্যৱহাৰ কৰিব লাগিব আৰু এই সিদ্ধান্তটো সকলোবিলাক পানী ব্যৱহাৰকাৰীৰ মাজত অনুষ্ঠিত হোৱা সাধাৰণ সভাত লোৱা প্ৰস্তাৱ মৰ্মে হব লাগিব।