মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

পানীৰ সংযোগ এটা লওঁক

যদি কোনো এখন ঠাইত পানী যোগানৰ বাবে নলী বহুওৱা কামটো সম্পূৰ্ম হৈছে আৰু তাত পানী ব্যৱহাৰকাৰী কমিটীখনো আছে, তেন্তে পৰিয়ালৰ মুৰব্বীজনে নিৰ্দিষ্ট ফৰ্মত পানী সংযোগৰ বাবে পানী ব্যৱহাৰকাৰী কমিটীৰ সভাপতিলৈ আবেদন জনাব লাগিব। কিন্তু তাৰ আগতে তেওঁ কমিটীৰ প্ৰাথমিক সদস্য হব লাগিব। কমিটীখনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াৰ লগত এই নতুন সংযোগটোৰ সহজলভ্যতা মূল্যাংকন কৰিব। এবাৰ যদি এইটো সহজসাধ্য বুলি চিনাক্ত হয়, তেন্তে সংযোগটোৰ বাবে সঁজুলিবিলাকৰ মূল্য, বনুৱাৰ খৰচৰ এটা প্ৰাক্-কলন প্ৰস্তুত কৰা হয় আৰু এই প্ৰাক্-কলনৰ খৰচ, পানী সংযোগ খৰচ (ঘূৰাই পাব লগা আমানত ধন) আৰু মাহিলী মাচুলখিনি এই ঘৰুৱা সংযোগটোৰ বাবে আবেদনকাৰীক জনোৱা হয়।

আবেদনকাৰীয়ে এবাৰত প্ৰাক্-কলনত থকা সঁজুলিৰ মূল্য বনুৱাৰ খৰচ আৰু পানীৰ সংযোগৰ খৰচখিনি আদায় দিয়াৰ পিছত পানী ব্যৱহাৰকাৰী কমিটীখনে সঁজুলিখিনি যোগাৰ কৰি লয় আৰু পানীৰ সংযোগ দিয়ে। নিম্নোল্লেখিত প্ৰাক্-চৰ্তৰ যোগে সংযোগটো দিয়া হয়-

  • যেতিয়া পানী ব্যৱহাৰকাৰীক পানীৰ সংযোগটো দিয়া হয় তেতিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী বিতৰণৰ নলীটো পানী ব্যৱহাৰকাৰীৰ চৌহদৰ বাহিৰৰ সীমালৈহে দিয়ে সেই ঠাইৰ পৰা পানীৰ সংযোগ আবেদনকাৰীয়ে তেওঁৰ ঘৰৰ চৌহদৰ যলৈ নিব খোজে, তালৈ নিওঁতে বনুৱাৰ খৰচ আৰু সঁজুলিসমূহৰ খৰচ আবেদনকাৰীৰঘৰৰ গৰাকীয়ে বহন কৰিব লাগিব।
  • এঘৰ মানুহক পানীৰ সংযোগ দিয়াৰ পাছত তেওঁ তাৰ পৰা আন এঘৰত পানীৰ সংযোগ দিব নোৱাৰিব বা কাৰো লগত ভাগ বটোৱাৰা কৰিব নোৱাৰিব।
  • পানী ব্যৱহাৰ কমিটীয়ে নিৰ্দ্ধাৰণ কৰা নীতি/বিৱৰণ মতেহে পানী ব্যৱহাৰকাৰীক সংযোগ দিয়া হব, এই নীতি/বিৱৰণসমূহ কাঢ়াকৈ মানিব লাগিব।
  • যিকোনো মূল্যৰ বিনিময়ত হলেও, সংযোগটো পানী ব্যৱহাৰকাৰী কমিটীৰ জৰিয়তেহে লব লাগিব। যদি কোনোবাই নিজা ব্যৱস্থাৰ যোগে সংযোগ লবলৈ চেষ্টা কৰে বা পানী ব্যৱহাৰকাৰী কমিটীৰ যোগেদি নলয়, তেন্তে এনে কাৰ্যক ইচ্ছাকৃতভাৱে চৰকাৰী পৰিকাঠামো নষ্ট কৰা বুলি গণ্য কৰা হব আৰু চৰকাৰে এনে কাৰ্যৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।