পানী যোগান সঁজুলিৰ পৰিকাঠামোৰ কোনো ধৰণৰ বস্তু যাতে কোনোৱে চুৰি/নষ্ট কৰিব নোৱাৰে, তাৰ বাবে জনসাধাৰণ সজাগ হৈ থাকিব লাগিব, কিয়নো চৰকাৰে সৃষ্টি কৰা সম্পদসমূহ যে অকল চৰকাৰেহে ৰক্ষণাবেক্ষণ দিব লাগিব, -সেই কথাটো সদায় সম্ভৱপৰ নহয়।
যদি কোনো ঠাইত ফুটা দেখা যায় বা ভগা-ছিগা হয়, তেন্তে সেই কথাটো পানী ব্যৱহাৰকাৰী কমিটীৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট বিষয়াৰ দৃষ্টিগোচৰ কৰিব লাগে।
যদি পানীৰ উত্সৰ ওচৰত কোনো অপ্ৰয়োজনীয় কাম-কাজ কৰা দেখা যায়, যি কৰ্মই কেঁচা পানীখিনি দূষিত কৰিব পাৰে, তেনে ক্ষেত্ৰত সেই কথাটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া বা পানী ব্যৱহাৰকাৰী কমিটীৰ সদস্য বা সেই ঠাইৰ কোনো দায়িত্বশীল মানুহৰ দৃষ্টিগোচৰ কৰিব লাগে, -যিজনে কথাটো সংশ্লিষ্ট বিষয়াজনৰ দৃষ্টিগোচৰ কৰিব।
যিকোনো ধৰণৰ পানীৰ উত্স (ৰাজহুৱা/ব্যক্তিগত) যাতে দূষিত নহয় বা প্ৰদূষণৰ কবলত নপৰে।
জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থাপন কৰা কোনো স্থানীয় উত্স ভগা-ছিগা হলে সেই কথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দৃষ্টিগোচৰ কৰিব।