মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

জনপ্ৰতিনিধিৰ সহযোগী ভূমিকা

  • আঁচনিখন কাৰ্যকৰীকৰণত নক্সা অঁকাৰ পৰা পৰিচালনা কৰালৈকে সমন্বয় স্থাপন কৰা।
  • স্থানীয় উত্স (হস্তচালিত পাম্প, কুঁৱা আদি) বহুওৱাৰ বাবে সঠিক স্থানৰ খৰতকীয়া নিৰ্বাচন।
  • আঁচনিখন কাৰ্যক্ষম আৰু প্ৰতিপালন কৰা আৰু তাৰ পৰা বহনক্ষম আৰু নিশ্চিত পানী যোগান হৈ থকা কামত নজৰ দিবলৈ ৰাইজক (পি.আৰ.আই./ব্যৱহাৰকাৰী কমিটী) সাঙুৰি লোৱাৰ সপক্ষে মাত মতা।
  • জনস্বাস্থ্য কাৰিকৰী বিভাগে আগবঢ়োৱা সেৱাৰ মানদণ্ডৰ মাপ-কাঠি উপভোক্তাৰ পৰা জ্ঞাত হোৱা আৰু তাত উন্নয়নৰ বাবে দিব পৰা পৰামৰ্শ।
  • বৰ্তমানে প্ৰতিষ্ঠিত হৈ থকা খোৱাপানীৰ ব্যৱস্থাটো পৰিচালনা, কাৰ্যকৰীকৰণ আৰু প্ৰতিপালন কৰা কামখিনি ৰাইজ আৰু পি.আৰ.আই.লৈ হস্তান্তৰ কৰাত সহায় কৰা।
  • আঁচনিখন উন্নীতকৰণ আৰু প্ৰতিপালন কৰিবলৈ আন কোনো উত্সৰ ধনৰ সহায় লোৱা আৰু চতুৰ্দশ বিত্ত আয়োগে জি.পি.ডি.পি. (Gram Panchayat Development Plan) প্ৰস্তুত কৰোতে অনুদান বঢ়োৱাত সহায় কৰা।
  • নলীৰে পানী যোগান ধৰা আঁচনি (PWSS) বা আন কোনো স্থানীয় উত্সৰ বাবে সঁজুলিসমূহ প্ৰতিষ্ঠা আৰু স্থান নিৰ্বাচনত আগভাগ লোৱা
  • পানীৰ উপযুক্ত ব্যৱহাৰ, জল সংৰক্ষণ আদি কামৰ উন্নয়নত আগভাগ লোৱা।
  • আন কোনো এজেন্সীয়ে খোৱাপানীৰ বাবে কোনো ধৰণৰ পানীৰ উত্স প্ৰতিষ্ঠা কৰিলে সেই পানীৰ গুণাগুণ, পানীৰ পৰ্যাপ্ততা আদিৰ সুসাধ্যতাৰ বিষয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত আলোচনা কৰাত আগভাগ লোৱা।
  • জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-বিধি অনুসৰি প্ৰতিখন GPWSCয়ে পানী ব্যৱহাৰকাৰী কমিটী গঠন কৰাত কাৰ্যকৰী পদক্ষেপ লোৱা আৰু তাক গাঁও পঞ্চায়তৰ উপ-সমিতি হিচাপে ঘোষণা কৰাত আগভাগ লোৱা/প্ৰয়োজনীয় সহায় কৰা। লগতে প্ৰতিখন পানী ব্যৱহাৰকাৰী কমিটীয়ে আগবঢ়োৱা যোগান সেৱা GPWSCয়ে নিৰীক্ষণ কৰাটো তত্বাৱধান কৰা।
  • গাঁও পঞ্চায়তসমূহৰ উন্নয়নৰ বাবে বিত্ত আয়োগে পুৰস্কাৰ হিচাপে দিয়া ধনখিনি GPWSCয়ে সহজভাৱে ব্যৱহাৰ কৰা আৰু নিৰীক্ষণ কৰাটো তত্বাৱধান কৰা।