মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

ৰাইজৰ ভূমিকা

  • বহনক্ষম আৰু সঠিক পানী যোগান নিশ্চিত কৰিবলৈ আঁচনিখনৰ কাৰ্যকৰণ আৰু পৰিপালনত সক্ৰিয়ভাৱে যোগদান কৰা।
  • পানী যোগান সঁজুলিৰ পৰিকাঠামোৰ কোনো ধৰণৰ বস্তু যাতে কোনোৱে চুৰি/নষ্ট কৰিব নোৱাৰে, তাৰ বাবে জনসাধাৰণ সজাগ হৈ থাকিব লাগিব, কিয়নো চৰকাৰে সৃষ্টি কৰা সম্পদসমূহ যে অকল চৰকাৰেহে ৰক্ষণাবেক্ষণ দিব লাগিব, -সেই কথাটো সদায় সম্ভৱপৰ নহয়।
  • যদি কোনো ঠাইত ফুটা দেখা যায় বা ভগা-ছিগা হয়, তেন্তে সেই কথাটো পানী ব্যৱহাৰকাৰী কমিটীৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট বিষয়াৰ দৃষ্টিগোচৰ কৰিব লাগে।
  • যদি পানীৰ উত্সৰ ওচৰত কোনো অপ্ৰয়োজনীয় কাম-কাজ কৰা দেখা যায়, যি কৰ্মই কেঁচা পানীখিনি দূষিত কৰিব পাৰে, তেনে ক্ষেত্ৰত সেই কথাটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া বা পানী ব্যৱহাৰকাৰী কমিটীৰ সদস্য বা সেই ঠাইৰ কোনো দায়িত্বশীল মানুহৰ দৃষ্টিগোচৰ কৰিব লাগে, -যিজনে কথাটো সংশ্লিষ্ট বিষয়াজনৰ দৃষ্টিগোচৰ কৰিব।
  • যিকোনো ধৰণৰ পানীৰ উত্স (ৰাজহুৱা/ব্যক্তিগত) যাতে দূষিত নহয় বা প্ৰদূষণৰ কবলত নপৰে।
  • জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থাপন কৰা কোনো স্থানীয় উত্স ভগা-ছিগা হলে সেই কথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দৃষ্টিগোচৰ কৰিব।
  • দুৰ্যোগৰ সময়ত, বিশেষকৈ বানপানীৰ সময়ত স্থানীয় উত্সসমূহ বীজাণুমুক্ত কৰা কামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াবৰ্গক সহায় কৰক।
  • কোনোবা ব্যক্তিগত ঘৰত বা কোনো অনুষ্ঠানৰ চৌহদত খোৱাপানীৰ বাবে স্থানীয় উত্স প্ৰতিষ্ঠাপন কৰাৰ আগতে পানীৰ গুণাগুণ, পৰ্যাপ্ততা, সহজলভ্যতা আদিৰ বিষয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত এবাৰ আলোচনা কৰাটো ভাল।